thumbnail

ঢেঁকীৰ গুমগুমনিৰে মুখৰ তিনিচুকীয়াৰ গন্ধিয়া নাহৰণি গাঁও

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:41 PM IST

তিনিচুকীয়া,১৩ জানুৱাৰী: ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী বিহু । কাইলৈ উৰুকা । ৰাজ্যৰ চৌদিশে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কোনো যদি মেজি, ভেলাঘৰ সজাত ব্যস্ত, আন কোনো আকৌ ব্যস্ত উৰুকাৰ নিশা ভোজ-ভাতৰ আয়োজন কৰাত । ইফালে আকৌ প্ৰান্তে প্ৰান্তে পিঠা-পনা বনোৱাত ব্যস্ত জীয়াৰী-বোৱাৰীসকল । মুঠতে সীমাহীন ব্যস্ততা প্ৰতিগৰাকী কৃষিজীৱি অসমীয়াৰ গৃহত ।  

ৰাজ্যৰ অন্য়ান্য প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি । তিনিচুকীয়াৰ পানীতোলাৰ গন্ধিয়া নাহৰণি গাঁৱৰ প্ৰতিখন ঘৰতে এতিয়া ঢেঁকীৰ গুমগুমনি । চ'হা অসমীয়াৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি এতিয়া প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে । বিভিন্ন ধৰণৰ পিঠা বনোৱাৰ ব্যস্ত হৈ পৰিছে গাঁৱৰ মহিলাসকল । গন্ধিয়া নাহৰণি গাঁৱত ভোগালী বিহুৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে যান্ত্ৰিকতাৰ মাজত হেৰাই যাবলৈ ধৰা বহু পৰম্পৰা ৷ সকলোৰে ঘৰত ঢেঁকী নথকাত মহিলাসকলে একত্ৰিত হৈ সাজু হৈছে হেঁপাহৰ ভোগালীক আদৰিবলৈ ৷ 

লগতে পঢ়ক: ম'হৰ এঠা দৈৰ সোৱাদ দিবলৈ সাজু লেচিয়া নদীৰ পাৰৰ ম'হপালক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.