thumbnail

চৌদিশে ভোগালীৰ আনন্দ, চতিয়াত ব্যতিক্ৰমী ভেলাঘৰ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 3:41 PM IST

বিশ্বনাথ,১৩ জানুৱাৰী: আকৌ আহি পালেহি ভোগৰ ভোগালী ৷ কাইলৈ উৰুকা আৰু এই উৰুকাৰ নিশা মেজিঘৰৰ তলত সকলোৱে মিলি এসাঁজ খোৱাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ এতিয়া ৰাজ্যৰ সকলো প্ৰান্ততে নিৰ্মাণ কৰি উলিওৱা হৈছে বিভিন্ন আকৃতিৰ ভেলাঘৰ ৷ ব্যতিক্ৰম নহয় চতিয়াতো । এইবাৰ চতিয়াৰ ঐতিহ্যমণ্ডিত ভোগজৰা পথাৰত হেলিকপ্টাৰৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ লগতে প্ৰদৰ্শনীৰ বাবে নৰাৰে সাজি উলিওৱা হৈছে ম'হৰ যুঁজ, গৰুৰে হালবোৱা, নাঙল, জুৱলিকে ধৰি বিভিন্ন সামগ্ৰী ৷  

চতিয়াৰ এই ভোগজৰা পথাৰত নিৰ্মাণ কৰা এই ভেলাঘৰতে কেইবাখনো গাঁৱৰ ৰাইজ একলগ হৈ দেওবাৰে নিশা আনন্দ-স্ফুৰ্তিৰে এসাঁজ খাই বিহুৰ পুৱা অগ্নি দেৱতাক স্মৰণ কৰি মেজি জ্বলাই অগ্নি সেৱা কৰিব ৷ এক ব্যতিক্ৰমী ধৰণে নিৰ্মাণ কৰা এই মেজিঘৰ আৰু প্ৰদৰ্শনী চাবলৈ চতিয়াৰ বিভিন্ন প্ৰান্তৰ লোক ভিৰ কৰা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক: পথাৰ এৰি ৰাজপথত ব্যতিক্ৰমী ৰূপত ভেলা ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.