৪০ ফুট উচ্চতাৰ মেজিত অগ্নিসেৱা কৰিবলৈ সাজু ধেমাজিবাসী - ধেমাজিত ৪০ ফুট উচ্চতাৰ মেজি
🎬 Watch Now: Feature Video
Published : Jan 13, 2024, 6:08 PM IST
ধেমাজি,১৩ জানুৱাৰী: চোতালত ভোগৰ ভোগালী । কাইলৈ উৰুকা । শীতৰ নিশা ভেলাঘৰ উমাল হ'ব তেলাল হাঁহৰ জুতিৰে । বিহুৰ পুৱা জ্বলিব ওখকৈ মেজি । মেজিৰ জুইত অগ্নিসেৱা কৰি বছৰটোৰ কুশল কামনা কৰিব কৃষিজীৱি অসমীয়াই । সেয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি । সাজু হৈছে ভেলাঘৰ, সাজু হৈছে মেজি ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাতো চলিছে ভোগালীক আদৰাৰ ভীষণ প্ৰস্তুতি ।
ধেমাজি সমন্বয় সংঘৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ভোগালী বিহু উদযাপন কৰা বাবে ধেমাজি ময়দানত মাঘী উৎসৱ আয়োজন কৰা হৈছে ৷ এফালে কাছাৰী ময়দানত বিভিন্ন অনুষ্ঠান চলি থকাৰ মাজতে ভোগালী বিহুৰ বাবে যোৱা ৭ জানুৱাৰী পৰা দিনে-নিশাই কাঠ, বাঁহ, নৰা সংগ্ৰহ কৰি ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি ভোগালী বিহু উদযাপনৰ বাবে সাজু হৈছে ৷ এইবাৰ ধেমাজিৰ কাছাৰী ময়দানত জ্বলিব ৪০ ফুট উচ্চতাৰ মেজি ।
লগতে পঢ়ক: ঢেঁকীৰ গুমগুমনিৰে মুখৰ তিনিচুকীয়াৰ গন্ধিয়া নাহৰণি গাঁও