Pregnant woman dies in Moran: HM Hospital ত হাস্পতালত নিশা উত্তপ্ত পৰিস্থিতি

By

Published : Jul 15, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
মৰাণত এখন ব্যাক্তিগত খণ্ডৰ চিকিৎসালয়ত নিশা উত্তেজনা। নগৰখনৰ পিয়লি নগৰস্থিত HM Hospital ৰ চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত হাস্পাতাল চৌহদ (Pregnant woman dies in Moran due to Medical Negligence) ৷ উল্লেখ্য যে, বুধবাৰে পুৱা HM Hospital ত ভৰ্তি কৰিছিল প্ৰসূতিগৰাকীক ৷ বৃহস্পতিবাৰে পুৱা প্ৰসৱ কৰোৱাৰ পিছত প্ৰসূতিগৰাকীৰ অৱস্থা হঠাৎ সংকটজনক হৈ পৰাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ তাৰ পিছতে ব্যক্তিগত নাৰ্চিঙহোমখনৰ চিকিৎসকৰ গাফিলতিত প্ৰসূতি গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি নিশাই HM Hospital ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আত্মীয়ৰ লগতে একাংশ লোক । মৰাণৰ ২ নং সৰুপথাৰৰ ৰুকছানা বেগম (২৬) নামৰ মৃত মহিলাগৰাকীয়ে এদিন পূৰ্বে জন্ম দিছিল এটি পুত্ৰ সন্তান । ইফালে পৰিস্থিতি জটিল হৈ পৰাত নাৰ্চিংহোমখনত মৰাণ আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.