Rangali Bihu 2023: টিংখাং মহাবিদ্যালয়ৰ বাকৰিত ৰঙালীৰ আনন্দ - Rangali Bihu 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 12, 2023, 3:37 PM IST

মৰাণ, 12 এপ্ৰিল: ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্ততি ৷ গাঁও, চহৰ-নগৰ, বিদ্যালয়-মহাবিদ্যালয় সকলোতে এতিয়া ৰঙালীক আদৰাৰ ব্যস্ততা (Rangali Bihu Preparation in Assam) ৷ টিংখাং মহাবিদ্যালয়ৰ বাকৰিত ৰঙালী বিহুৰ আনন্দ ৷ ঢুলীয়া-নাচনীৰ ৰূপত মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা ৷ ঢোল, পেঁপা, গগনাৰ মাতত ৰজনজনাই উঠিল মহাবিদ্যালয়ৰ চৌপাশ ৷ মঙলবাৰে এনেদৰেই বিহুৱা-বিহুৱতীৰ সাজত দেখা গ'ল টিংখাং মহাবিদ্যালয়ৰ শিক্ষাগুৰু সকলক (Bihu Celebration at Tingkhong College) ৷

উল্লেখযোগ্য যে, টিংখাং মহাবিদ্যালয় পৰিয়ালবৰ্গ আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ উদ্যোগত তথা ছাত্ৰ একতা সভা আৰু স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে মহাবিদ্যালয়খনৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় 'ব'হাগী আদৰণি' অনুষ্ঠান ৷ য'ত শিক্ষাগুৰু সকলৰ লগতে হুঁচৰি, জেংবিহুত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰী সকলেও ৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰী সকলক সন্মান জনোৱাৰ উদ্দেশ্যে "গুৰুসেৱা " কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ আনহাতে এই অনুষ্ঠানতে 2019-20 বৰ্ষৰ মহাবিদ্যালয়ৰ আলোচনী "টিংখঙিয়ান " আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় (Pre Rangali Bihu Celebration at Tingkhong College) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.