thumbnail

By

Published : Jan 9, 2023, 2:42 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Pre Bhogali Utsav: তেজপুৰত যুৱ সংঘই পাতিলে ভোগালীৰ এসন্ধ্যা

হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন (Bhogali bihu preparation in Assam)৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক আয়োজন চলিছে ৷ ইয়াৰ মাজতে তেজপুৰ যুৱ সংঘৰ উদ্যোগত দেওবাৰে নিশা অনুষ্ঠিত হয় ভোগালীৰ এসন্ধ্যা(Pre Bhogali Bihu celebrations in Tezpur) । সকলোৱে একেলগে জুইৰ কাষত এসাঁজ আনন্দ উল্লাসেৰে খোৱাৰ পৰম্পৰা পূৰ্ব পুৰুষৰ পৰা চলি আহিছে । ডেকা গাভৰুৱে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি আনন্দত আত্মহাৰা হ’ল তেজপুৰ ধোঁৱা পুখুৰীৰ পাৰ্কিংত । কোনোৱে গীত পৰিৱেশন কৰিছে আৰু কোনোৱে বিহু নৃত্য প্ৰদৰ্শন কৰিছে । প্ৰকৃততে চহা জীৱনৰ অনন্য এক উৎসৱ ভোগালী বিহু । বছৰৰ খেতি চপাই পুহৰ শেষত মকৰ সংক্ৰান্তিৰ প্ৰকক্ষণত গাঁৱৰ ৰাইজ তথা ওচৰ চুবুৰীয়া, আত্মীয় স্বজনৰ লগত এই বিহু পালন কৰে । কিন্ত এতিয়া গাঁৱৰ পৰিৱৰ্তে চহৰত প্ৰাক বিহু বা ভোগলীৰ এসন্ধ্যা পালন কৰা পৰিলক্ষিত হয়(Pre Bhogali celebration) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.