Broken bamboo bridge : দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পিচতো কুমাৰ ভেটি ৰাইজে লাভ নকৰিলে দলং - দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পিচতো কুমাৰ ভেটি
🎬 Watch Now: Feature Video
যোৰহাট, 13 জুন : যোৰহাট জিলা বৰহোলা ইকৰানি পঞ্চায়তৰ অন্তৰ্গত কুমাৰভেটি গাঁৱৰ চেঙেলীজান নদীৰ ওপৰত বিপদসংকুলভাৱে থকা এখন বাঁহৰ দলঙে নিৰাপত্তাহীনতাত ভোগাইছে নাগৰিকক ৷ দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ অতিক্ৰম কৰাৰ পিচতো অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ মূল ভৰসা দুৰ্বল এই বাঁহৰ দলংখন ৷ উল্লেখ্য যে, ৰাইজে গাঁঠিৰ ধন খৰচ কৰাৰ লগতে শ্ৰমদান কৰি বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়াইছিল ৷
দুৰ্ভাগ্যজনক বিষয় যে, এই দুৰ্বল বাঁহৰ দলঙখনেৰে অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীসকলে ভয়ে ভয়ে বিদ্যালয়লৈ যাতায়ত কৰে ৷ ইয়াৰোপৰি, খৰালি সময়ত অহা-যোৱা কৰিব পাৰিলেও বাৰিষা সময়ত নৈৰ পানী বাঢ়িলে দলঙখনেৰে যাতায়ত বন্ধ হৈ পৰে ৷ আনকি জৰুৰীকালীন সময়তো যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হয় স্থানীয় লোকসকলে ৷ যুগ যুগ ধৰি উপেক্ষিত হৈ থকা ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাটো সমাধানৰ কাৰণে ৰাইজে স্থানীয় বিধায়কক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ কেৱল নিৰ্বাচনৰ সময়ত দলঙখন পকী কৰি নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : Violence in Manipur : পুনৰ উগ্ৰপন্থী আৰু স্বেচ্ছাসেৱকৰ মাজৰ সংঘৰ্ষত আঘাতপ্ৰাপ্ত 9 জনকৈ লোক