Irregularities of doctors : কলগাছিয়াৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যকৰ্মীৰ মইমতালি

By

Published : Feb 28, 2023, 2:13 PM IST

thumbnail

কলগাছিয়া,২৮ ফেব্ৰুৱাৰী : স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আজিও পিছপৰি আছে বৰপেটা জিলাৰ বিভিন্ন অঞ্চল । উন্নত চিকিৎসা লাভৰ পৰা বঞ্চিত বহুলোক (Deprived of better health services)। চৰকাৰী চিকিৎসালয় আছে যদিও সময়ত নাথাকে চিকিৎসক, নাৰ্চ । অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ (Barpeta health department)।

ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাস্থ্যখণ্ডৰ উন্নয়নৰ দাবী কৰি আহিছে চৰকাৰে । কিন্তু চৰকাৰৰ এই দাবীৰ বিপৰীত ছবি দেখা গৈছে বৰপেটাৰ কলগাছিয়াত । কলগাছিয়াৰ বালিকুৰি নৈপৰীয়া চিকিৎসালয়ত চিকিৎসাৰ নামত চলিছে মাত্ৰ ভোকোঁভাওনা (Poor health service of govt hospital in Kalgachia)।

দিনৰ ১০-১১ বজালৈ চিকিৎসালয়খনলৈ নাহে স্বাস্থ্যকৰ্মী । সময়ত উপস্থিত নাথাকে চিকিৎসক আৰু নাৰ্চ । দিনৰ বেছিভাগ সময়তে দুৱাৰত ওলমি থাকে তলা । স্বাস্থ্যকৰ্মীৰ এনে অৱহেলাৰ বাবে এতিয়া চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰোগীসকল । বৰপেটা জিলাৰ কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বালিকুৰি নৈপৰীয়া চিকিৎসালয়ত পুৱাৰে পৰা ৰোগীসকল আহি চিকিৎসকৰ অপেক্ষা কৰি থাকে (Irregularities of doctors and health worker)।

কিন্তু চিকিৎসকৰ কোনো খবৰেই নাথাকে । জৰুৰীকালীন অৱস্থাত অহা ৰোগীসকলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় । ৰাইজে অভিযোগ কৰা মতে বালিকুৰি নৈপৰীয়া চিকিৎসালয়ৰ কৰ্মচাৰীয়ে নামানে বিভাগীয় নীতি-নিৰ্দেশনা । স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা দেখি আচৰিত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ৰাইজে দীর্ঘদিন ধৰি এই অভিযোগ উত্থাপন কৰাৰ পাছত মঙলবাৰে চিকিৎসালয়খনত সাংবাদিকৰ এটা দল উপস্থিত হয় ।

আনহাতে সাংবাদিকৰ অভিযানত ৰাইজৰ অভিযোগো সত্য প্ৰমাণিত হ'ল । চিকিৎসালয়খনত উপযুক্ত আৱাস থকাৰ পাছতো নাৰ্চ, চিকিৎসকে প্ৰায় ১০ কিলোমিটাৰ দূৰত গৈ থাকে । ফলত হাস্পতালখনত সময়ত উপস্থিত হ'ব নোৱাৰে চিকিৎসকসকল । সেয়েহে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনাই ৰাইজে । লগতে হাস্পতালখনত চিকিৎসাসেৱা আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে ৰাইজে আহ্বান জনায় (Public demand for better health service)।

লক্ষণীয়ভাৱে বৰপেটা জিলাৰ কেৱল এই চিকিৎসালয়খনেই নহয় । বিভিন্ন প্ৰান্তত থকা স্বাস্থ্যকেন্দ্ৰ, উপ-স্বাস্থ্যকেন্দ্ৰটো একে পৰিৱেশ দেখা যায় । সেয়ে জিলাখনৰ ৰাইজে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে ।

লগতে পঢ়ক :Tense situation at Seleng Tea Estate: কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত চেলেং চাহ বাগিচা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.