thumbnail

By

Published : Oct 8, 2022, 2:06 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

কাছাৰত ভুৱা প্ৰেছকিপছনসহ অবৈধ ফাৰ্মাচী ছীল

ফাৰ্মাচীৰ ভুৱা অনুজ্ঞাপত্ৰক (Fake pharmacy license in Assam) লৈ সতৰ্ক হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসন ৷ বিভিন্ন ঠাইত স্বাস্থ্য বিভাগৰ ঔষধ পৰিদৰ্শক উপস্থিত হৈ পঞ্জীয়ন নকৰাকৈ ফাৰ্মাচীত ঔষধ বিক্ৰী কৰা ব্য়ৱসায়ীসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে যদিও পৰিদৰ্শকৰ নিৰ্দেশক কেৰেপ নকৰি একাংশ চলাই আহিছে ফাৰ্মাচীসমূহ ৷ যাৰ পৰিপ্ৰেক্ষিতত ‘Violation of Drugs and Cosmetics Act’ৰ অধীনত ফাৰ্মাচীসমূহ ছীল কৰিছে প্ৰশাসনে ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে কাছাৰৰ সোনাই চহৰতো চলি আছে বহু অবৈধ ফাৰ্মাচী ৷ ইয়াৰ মাজতে প্ৰশাসনে ছীল কৰিলে অনুজ্ঞাপত্ৰ নোলোৱাকৈ দীৰ্ঘদিনাৰ পৰা ঔষধ মজুত আৰু বিক্ৰি কৰি অহা ফাৰ্মাচী (Pharmacy Seal inCachar) ৷ তদুপৰি জব্দ কৰা হৈছে ভূৱা চিকিৎসকৰ প্ৰেছকিপছন ৷ সোনাই চহৰৰ মাজমজিয়াত থকা অবৈধ ফাৰ্মাচীৰ গৰাকী ৰৌশন আলীয়ে দীৰ্ঘদিনৰ পৰা ঔষধৰ ব্যবসায় চলাই আহিছে যদিও এই সন্দৰ্ভত নাছিল কোনো বিভাগীয় অনুজ্ঞাপত্ৰ ৷ আনকি পৌৰসভাৰ পৰাও কোনো অনুমতি নোলোৱাকৈয়ে চলাই আহিছিল বেহা ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত চক্ৰ বিষয়া দীপংকৰ নাথে কাছাৰৰ ঔষধ পৰিদৰ্শক (Drug Inspector of Cachar) বনকাই ৰংমাইৰ সৈতে অভিযান চলাই ফাৰ্মাচীখন ছীল কৰি দিয়ে ৷ লগতে ফাৰ্মাচীখনখনৰ পৰা জব্দ কৰা হয় একাধীক ভুৱা প্ৰেছকিপছন ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.