thumbnail

By

Published : Dec 25, 2022, 6:27 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Crime in Guwahati : মছজিদৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণ

গুৱাহাটী মহানগৰীত আকৌ অঘটন (Crime in Guwahati) ৷ এইবাৰ হাতীগাঁৱৰ মিৰ্জান নগৰৰ মছজিদৰ ভিতৰতে দুৰ্বৃত্তই আক্ৰমণ কৰিলে মছজিদ পৰিচালনা সমিতিৰ সম্পাদক তাহীদুল ৰহমানক ৷ ফলত গুৰুতৰভাৱে আহত হয় তাহীদুল ৰহমান ৷ ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দিনৰ প্ৰায় 11 বজাত হাতীগাঁৱৰ মিৰ্জান নগৰ মছজিদত এখন সভা চলি আছিল (Executive Meeting of Mirzan Nagar Mosque at Hatigaon) । সেই সভাত মছজিদ পৰিচালনা সমিতিৰ সম্পাদক তাহীদুল ৰহমানে ভাষণ প্ৰদান কৰি আছিল । উক্ত সভাত সম্পাদকগৰাকীৰ ভাষণৰ সৈতে মত বিৰোধ ঘটাত ছামছুল ৰহমান নামৰ লোকজনে তাহীদুল ৰহমানক ছুৰীৰে আঘাত কৰে ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত ছামছুল ৰহমান ওৰফে ছামে । সম্প্ৰতি হাতীগাঁও আৰক্ষী থানাত ভুক্তভোগী সম্পাদকগৰাকীৰ লগতে মছজিদ সমিতিৰ সদস্যসকলে উক্ত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এক এজাহাৰ ৷ ইতিমধ্যে হাতীগাঁও আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.