thumbnail

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:31 PM IST

ETV Bharat / Videos

Wooden bridge for communication: চৰকাৰৰ সময় নাই, গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি সাজিলে দলং

বিহপুৰীয়া, 9 নৱেম্বৰ : চৰকাৰলৈ বাট নাচাই এইবাৰ বিহপুৰীয়াত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে দলং । বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গাহৰিঘাটত ১৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে কাঠৰ দলং ৷ সমষ্টিটোৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা মাজুলী সংযোগী পথছোৱাৰ (সোৱণশিৰি নদীৰ ওপৰত) গাহৰিঘাটত বছৰ বছৰ ধৰি ১৫খন গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছিল ৷ পথছোৱাত থকা এই ঘাটতো পাৰাপাৰ কৰোতে নিতৌ দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছিল ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকসকল ৷

অৱশেষত স্থানীয় ৰাইজে ভৱিষ্যতে অনাকাংক্ষিত ঘটনাৰ আশংকা প্ৰকাশ কৰি গাহৰিঘাটত এখন কাঠৰ দলং নিৰ্মাণ কৰিলে গাঁঠিৰ ধন ভাঙি ৷ ঘৰে ঘৰে দুই এপইচা সংগ্ৰহ নিৰ্মাণ কৰা দলংখন স্থানীয় ৰাইজে বৃহস্পতিবাৰে দুপৰীয়া মাংগলিক পৰিৱেশৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰি দিলে ৷ এই পৰিৱেশৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পূৰ্বে পথছোৱাত দলং নিৰ্মাণৰ বাবে দিয়া প্ৰতিশ্ৰুতি মনত পেলাই দিয়াৰ লগতে কম সময়ৰ ভিতৰত গাহৰিঘাটত দলং নিৰ্মাণ কৰি মাজুলী আৰু বিহপুৰীয়া সমষ্টিৰ লগত যোগাযোগ ব্যৱস্থাটো সুচল কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Bamboo bridge for communication:বিকশিত অসম, য’ত ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ হয় দলং

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.