Food poisoning at Jonai: গাহৰি মাংস খাই অসুস্থ কেইবাজনো - আমাৰ তিনিআলি দৈনিক বজাৰৰ গাহৰি মাংস
🎬 Watch Now: Feature Video
জোনাই, 4 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমৰ ফলত বহুজাতিক কোম্পানীৰ শীতল পানীয়ৰ পেকেটত কেঁচু ওলোৱা, বুটমাহ খাই বিষক্ৰিয়া হোৱাৰ বাতৰিয়ে সঘনে শিৰোনাম দখল কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ এইবাৰ পোহৰলৈ আহিছে গাহৰি মাংস খাই কেইবাজনো লোক অসুস্থ হৈ পৰাৰ খবৰ ৷
তথ্য অনুসৰি, জোনাইৰ আমাৰ তিনিআলি দৈনিক বজাৰৰ পৰা অনা গাহৰি মাংস খাই বৃহস্পতিবাৰে অসুস্থ হৈ পৰে গালী ছিগা অঞ্চলৰ দহগৰাকীৰো অধিক লোক । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱা ‘‘আমাৰ তিনিআলি দৈনিক’’ বজাৰৰ গাহৰি মাংসৰ বিক্ৰেতা এগৰাকীয়ে বৈকুণ্ঠপুৰৰ দিন বড়ি নামৰ গাহৰি এজনৰ পৰা গাহৰি ক্ৰয় কৰি বিক্ৰী কৰিছিল । কিন্তু সেই গাহৰি মাংস গালী ছিগা অঞ্চলৰ বিভিন্নজনে খোৱাৰ পিচতে অসুস্থ হৈ পৰে ।
উক্ত ঘটনাৰ পিচতে স্থানীয় ৰাইজে আমাৰ তিনিআলি দৈনিক বজাৰত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ লগতে স্থানীয় ৰাইজে অসম-অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা বৈকুণ্ঠপুৰৰ দিন বড়ি নামৰ ব্যক্তিজনৰ পৰা গাহৰিসমূহ পৰীক্ষা কৰি বজাৰত বিক্ৰী কৰিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক : Food poisoning:নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ কেইবাজনো লোক অসুস্থ