ভাল কোন বেয়া কোন ? আলফা স্বাধীনৰ সন্দৰ্ভত অসমৰ ৰাইজৰ উত্তৰ বিচাৰিছে জিপি সিঙে - ULFA I activities in Assam
🎬 Watch Now: Feature Video
Published : Dec 22, 2023, 5:51 PM IST
গুৱাহাটী, ২২ ডিচেম্বৰ: ‘‘অসম আৰক্ষী হিচাপে আমি ক’তো সংঘাতত লিপ্ত হ’ব খোজা নাই । সংবিধানৰ আওঁতাত থাকি আমি কাম কৰিব লাগে ৷’’ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।
আলফা (স্বা)ৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত তেওঁ কয়, ‘‘অসমৰ জনসাধাৰণৰ বাবে কোনো বেয়া পৰিৱেশ আহিব নিদিও । অসমৰ উন্নয়নৰ যাত্ৰা বিঘ্নিত কৰিবলৈ চেষ্টা কৰিলে বাধা দিম । অসমত প্ৰায় আঢ়ৈ বছৰত আমি সন্দেহজনক বাংলাদেশী মূলৰ লোকে দখল কৰা এক লাখ বিঘা মাটি বেদখল মুক্ত কৰিছো । বাংলাদেশী খেদাটো ভাল নে বাংলাদেশত তেওঁলোকে কেম্প কৰাটো ভাল ? সেইটো ৰাইজে উত্তৰ দিব লাগিব । বিগত বৰ্ষত 15 কোটি টকা ড্ৰাগছ জব্দ কৰিছোঁ । ড্ৰাগছবোৰ ম্যানমাৰ পৰা আহে । আমাৰ শান্তি বিঘ্নিত কৰিব খোজাসকলৰ কেম্প ম্যানমাৰত । ৰাইজে উত্তৰ দিব আমি ড্ৰাগছ ধৰা কাৰ্য ভাল নে তেওঁলোকে ম্যানমাৰত কেম্প কৰা ভাল ।’’
তেওঁ লগতে কয় যে ৰাইজৰ স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত আইন সংগতভাৱে আৰক্ষীয়ে কাম কৰি যাব । ৰাষ্ট্ৰৰ বিৰুদ্ধে অহা প্ৰতিটো ভাবুকি আমি মষিমূৰ কৰিবলৈ বদ্ধপৰিকৰ অসম আৰক্ষী । চৰকাৰে যিহেতু দৰমহা দিছে, গতিকে চৰকাৰৰ নিৰ্দেশ মতে অসমৰ হকে কাম কৰি যাবলৈ সদায় প্ৰস্তুত বুলি তেওঁ উল্লেখ কৰে (Assam DGP on ULFA I activities) ৷
লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায় মানিবলৈ সন্মত জি পি সিং; এছ পি ৰাজেন সিঙৰ কাণ্ডৰ বাবে খুজিলে ক্ষমা