Electricity power cut: বিচনা এৰি প্ৰতিবাদত বহিল ৰোগী... - Electricity power cut

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 28, 2023, 3:37 PM IST

ৰৌতা, 28 জুন : মঙলাবৰৰ নিশা ওদালগুৰিৰ ওৰাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তেজনা। নিশাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ওৰাঙৰ সাধাৰণ ৰাইজ। উৎকট গৰম সহ্য কৰিব নোৱাৰি নিশা বিদ্যুত বিভাগৰ কাৰ্যালয়লৈ ওলাই আহিল মহিলাসহ ৰাইজ। 

সমগ্ৰ ওৰাং অঞ্চলত সঘনাই বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ হৈছে ৰাইজ ৷ নিশা হ’লেই দৈনিক অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে ওৰাঙৰ বিদ্যুৎ কাৰ্যালয়ৰ বিৰুদ্ধে। ৰাইজৰ উত্তেজনাৰ ফলত কাৰ্যালয় এৰিবলৈ বাধ্য হ’ল বিদ্যুৎ কৰ্মচাৰীয়ে। উত্তেজিত ৰাইজে জবাবদিহি কৰিলে বিদ্যুৎ কৰ্মচাৰীক। 

এই ঘটনাৰ খবৰ পোৱাৰ পিচতে নিশাই ওৰাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইফালে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা ওৰাং সামুহিক স্বাস্থ্য কেন্দ্ৰতো বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। 

লগতে পঢ়ক: Erosion at Kalgachia : ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্ত লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.