অন্ধবিশ্বাস নে ভণ্ডামি ! বঙাইগাঁৱৰ বিদ্যাপুৰত চলিছে কি ?

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 5:36 PM IST

thumbnail

বঙাইগাঁও, 6 ডিচেম্বৰ : এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা; আনফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ৷ বিজ্ঞানে অন্ধবিশ্বাসৰ অন্ধকাৰ আঁতৰাই মানুহৰ মন পোহৰাইছে যদিও আজিও বিজ্ঞানে পোহৰাব পৰা নাই বহুতৰে মন-মানসিকতা ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰা শতযোজন দূৰৈত একাংশ লোক ৷

যিটো সময়ত চিকিৎসা বিজ্ঞানে দোপত দোপে উন্নতিৰ শিখৰলৈ বগাইছে তেনে সময়তে বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হ’ল এক আজৱ ঘটনা ৷ বিদ্যাপুৰত অন্ধবিশ্বাসৰ কবলত পৰা এটা পৰিয়ালৰ ঘৰত সংঘটিত হৈছে এই ঘটনা ৷

বিদ্যাপুৰৰ লিংডবা নামৰ গাঁৱত অন্ধবিশ্বাসৰ বলি এটা পৰিয়ালৰ গৃহত আধুনিক চিকিৎসা বিজ্ঞানে ঢুকি নোপোৱা এক দৃশ্য সংঘটিত হ’ল ৷ পৰিয়ালটোৰ এগৰাকী ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়ৰ পৰিৱৰ্তে বাচি ল’লে বেজৰ বেজালি ৷ বিগত এসপ্তাহে ব্যক্তিজনক নৃত্য-গীতেৰে সুস্থ কৰাৰ চেষ্টা পৰিয়ালৰ লোকৰ ৷ এসপ্তাহ ধৰি লিংডবাৰ বক্কৰ আলী নামৰ ব্যক্তিগৰাকীক এনেদৰেই দি থকা হৈছে চিকিৎসা ৷



লগতে পঢ়ক : কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ডি ভোটাৰৰ ক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.