Veterinary Hospital in Jonai:এৰাবাৰীত পৰিণত এখন পশু চিকিৎসালয় - জোনাই পশু চিকিৎসালয়
🎬 Watch Now: Feature Video
জোনাই, 12 আগষ্ট : জোনাইত এৰাবাৰীলৈ পৰিণত হৈছে এখন পশু চিকিৎসালয়, অতি শীঘ্ৰে চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷ জোনাইৰ অকলেণ্ড শান্তিপুৰ পশু চিকিৎসালয়খন পৰিণত হৈছে এৰাবাৰীলৈ । বছৰ বছৰ ধৰি কোনো চিকিৎসক অথবা কৰ্মচাৰী নথকাত এফালৰ পৰা চিকিৎসালয়খন ভাঙি জহি-খহি যোৱা পৰিলক্ষিত হৈছে ।
জানিব পৰা মতে পূৰ্বতে দুই এজন চিকিৎসক আছিল যদিও আজি প্ৰায় ছয়-সাত বছৰৰ পৰা চিকিৎসালয়খনত নাই কোনো চিকিৎসক অথবা কৰ্মচাৰী । খেতি অথবা পশুধনৰ ওপৰত নিৰ্ভৰশীল অকলেণ্ড শান্তিপুৰ বৃহৎ অঞ্চলটোত মাজে সময়ে পশুধনৰ বিভিন্ন ৰোগে দেখা দিয়ে কিন্তু গাঁৱখনত থকা নাম মাত্ৰ পশু চিকিৎসালয়খনত কোনো চিকিৎসক নথকাত অকালতে বহু পশুৰ মৃত্যু ঘটিছে । যাৰ বাবে খেতি অথবা পশুধনৰ ওপৰত নিৰ্ভৰশীল ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে ৷
ইফালে নতুনকৈ নিৰ্মাণ কৰা লাখ টকীয়া চিকিৎসালয়গৃহটো কোনো চিকিৎসক অথবা কৰ্মচাৰী নথকাত এফালৰ ভাঙি জহি-খহি যোৱা পৰিলক্ষিত হৈছে । অতি শীঘ্ৰে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্ত কৰি চিকিৎসালয়খনত চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবী তুলিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Veterinary hospital in Gohpur:গহপুৰত পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা