Burmese supari seized: পাঁচগামত আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰীসহ দুই যুৱক - Burmese supari seized
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-06-2023/640-480-18795595-thumbnail-16x9-supari.jpg)
কৰিমগঞ্জ, 19 জুন: পাঁচগ্ৰাম আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী ৷ নতুন কৌশল প্ৰয়োগ কৰি বাৰ্মিজ চুপাৰী সৰবৰাহ কৰি আহিছে সৰবৰাহকাৰীয়ে ৷ মিজোৰামৰ পৰা হাইলাকান্দি হৈ এখন বলেৰ’ৰে বাৰ্মিজ চুপাৰী সৰবৰাহ কৰিছিল দুই সৰবৰাহকাৰীয়ে। পাঁচগ্ৰামত তালাচী চলাই থকাৰ সময়তে আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ সংকেত দিয়াত চালকজনে গাড়ীখন লৈ পলাই যাবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ সক্ষম হয় আৰু ভালদৰে পৰীক্ষা কৰাত বাৰ্মিজ চুপাৰীখিনি ধৰা পৰে ৷ লগতে আটক হয় দুজন যুৱক ৷ ধৃত যুৱক দুজন হ’ল হাইলাকান্দি বাহাদুৰপুৰৰ ছাহাৰুল আলম বৰভূঞা আৰু কালাইন লক্ষ্মীপুৰৰ আজিম উদ্দিন ।