Panbazar Nehru Park : ১০ মে’ত মুকলি হ’ব পাণবজাৰৰ নেহেৰু পাৰ্ক - Renovation works of Old SP Bungalow

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2023, 10:33 PM IST

গুৱাহাটী, ২২ এপ্ৰিল : গুৱাহাটী মহানগৰবাসীৰ বাবে সুখবৰ । ১০ মে’ত মুকলি হ’ব পাণবজাৰৰ নেহেৰু পাৰ্ক (Panbazar Nehru Park will be opened on 10th May) । আনহাতে, মহানগৰীত নিৰ্মীয়মান পাৰ্কসমূহ অহা এক-দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰা লক্ষ্য লৈছে চৰকাৰে ৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal)।

তেওঁ কয় যে, মহানগৰীৰ পাৰ্কসমূহত পাব কেইবাটাও নতুনত্ব । ব্ৰহ্মপুত্ৰ পাৰত নিৰ্মীয়মান পাৰ্কখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব । আনহাতে, নেহেৰু পাৰ্কত জি’ৰ পইণ্ট সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে । পুৰণি জেইলত নিৰ্মাণ কৰা পাৰ্কত পাব বহু কেইবিধ মূল্যৱান বৃক্ষ । যিসমূহ শিক্ষানুষ্ঠানত অধ্যয়নত জীৱ বিজ্ঞানৰ শিক্ষাৰ্থীসকলে চোৱাৰ লগতে ইয়াৰ গুণাগুণ জানিব পাৰিব বুলি মন্তব্য কৰে গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী সিংহলে ৷

উল্লেখ্য যে, শনিবাৰে মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ পুৰণি এচ পি বাংলোৰ নিৰ্মীয়মান পাৰ্ক (Renovation works of Old SP Bungalow), নেহেৰু পাৰ্ক আৰু ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ নিৰ্মীয়মান ব’টানিকেল গাৰ্ডেন পৰিদৰ্শন কৰে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে ৷

লগতে পঢ়ক : Mini Arunachal in Assam : আহকচোন যাওঁ মিনি অৰুণাচলৰ দিশে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.