thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:16 PM IST

ETV Bharat / Videos

Overloading truck seized: ডবকাত শিল ভৰ্তি অভাৰ লোডিং ট্ৰাক জব্দ

হোজাই,১২ নৱেম্বৰ: হোজাইত বন বিভাগৰ চকুত ধূলি দি একাংশ শিল মাফিয়াই শিল ভৰ্তি অভাৰ লোডিং ট্ৰাক চলাচল কৰি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । বিভিন্ন সময়ত বন বিভাগে অভিযান চলাই জব্দ কৰি আহিছে যদিও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই । পুনৰবাৰ হোজাই জিলাৰ ডবকাত জব্দ কৰা হয় শিল ভৰ্তি অভাৰ লোডিং ট্ৰাক ।  

শনিবাৰে নিশা তালাচী চলাই থকা সময়ত জব্দ কৰে অভাৰ লোডিং ট্ৰাকখন । অৰুণাচল অভিমুখে গৈ থকা সময়ত ডবকাত জব্দ কৰা হয় ট্ৰাকখনক । জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS010-C-6507 । ডবকা ডিফু সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ তালাচী চলাই বন বিভাগে জব্দ কৰে ট্ৰাকখন । বৰ্তমানলৈ চালক বা আন কোনো লোকক আটক কৰাৰ তথ্য প্ৰকাশ নাই বিভাগে । ট্ৰাকখনক জব্দ কৰি হোজাই বন বিভাগে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।  

লগতে পঢ়ক: Poor road condition in Samaguri: অক্সিজেন কোম্পানীৰ বাহনৰ বাবে গেন্ধালি-বৰদল সংযোগী পথত সৃষ্টি প্ৰকাণ্ড গাঁত

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.