Ganza seized: চিৰাঙত গাঞ্জাসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By

Published : Mar 9, 2023, 9:42 PM IST

thumbnail

চিৰাং, 9 মাৰ্চ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ পিচতো এতিয়াই অব্যাহত আছে গাঞ্জাৰ সৰবৰাহ ৷ বৃহস্পতিবাৰে চিৰাঙৰ বাসুগাঁৱত আৰক্ষীয়ে এক গোপন তথ্যৰ পম খেদি বুজন পৰিমানৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Ganja seized in Chirang) ৷ চিৰাং জিলা সদৰ উপ আৰক্ষী অধীক্ষক লব কুমাৰ দাসৰ নেতৃত্বত চলা এই অভিযানত চিৰাং আৰক্ষীৰ দলটোৱে এখন মাৰুটি অল্টো বাহন জব্দ কৰি গাঢ়ীখনৰ ভিতৰৰ পৰা 5 টাকৈ প্লাষ্টিকৰ মোনা উদ্ধাৰ কৰে ৷ 

আৰক্ষীয়ে জনোৱামতে প্লাষ্টিকৰ বেগকেইটাত মুঠ ২৫ কিলোগ্ৰাম গাঞ্জা লৈ অনা হৈছিল ৷ ধৃত গাঞ্জা সৰবৰাহকাৰীটোৰ নাম ছত্রজিৎ সুত্ৰধৰ (২৪)ওৰফে স্বাধীন সুত্ৰধৰ (One smuggler arrested in Chirang) । দীৰ্ঘদিনৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি বাসুগাঁৱত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ছত্ৰজিতে । 

আৰক্ষীয়ে বহুদিনৰ পৰা সৰবৰাহকাৰীটোক বিচাৰি আছিল যদিও প্ৰমাণসহ ধৰিব পৰা নাছিল। অৱশেষত আজি আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় ছত্ৰজিতক । বাক্সা জিলাৰ মানাহ চাহ বাগিছাৰ গীৰ্জা লাইন এলেকাৰ এএচ ০১ এফ জে ৩০০১ পঞ্জীয়ন নম্বৰৰ এল্টো বাহনেৰে বাসুগাঁও চহৰত গাঞ্জা বিক্ৰী কৰাৰ উদ্দেশ্যে আহিছিল ছত্ৰজিতে ৷  

লগতে পঢ়ক: Shot dead in Tezpur: ভাতৃহন্তা অচিন্তৰ মনত নাই লেশমানো অনুশোচনা; হাঁহি হাঁহি কৰিলে দুখ প্ৰকাশ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.