Wild buffalo attack at Kaliabor: কলিয়াবৰৰ কুঠৰীত বনৰীয়া ম’হৰ আক্ৰমণত নিহত উত্তম - Wild Buffalo Terror at Kaliabor
🎬 Watch Now: Feature Video


Published : Nov 12, 2023, 8:30 PM IST
কলিয়াবৰ, 12 নৱেম্বৰ : কলিয়াবৰৰ কুঠৰীত চাঞ্চল্যকৰ ঘটনা ৷ বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকৰ মৃত্যু ৷ মৃত লোকজন উত্তম বাউৰী বুলি জানিব পৰা গৈছে ৷ দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত হয় এক ঘটনা ।
জানিব পৰা মতে, আজি বিয়লৰ ভাগত উত্তম নামৰ লোকজন গৰু চৰায় আছিল ৷ তেনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হে আক্ৰমণ কৰে উত্তমক ৷ ফলত থিতাতে নিহত হয় ৷ পৰৱৰ্তী সয়মত ঘটনাস্থলীত বনকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ উত্তমৰ মৃতদেহ উদ্ধাৰ কৰে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা উক্ত অঞ্চলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা কেইবাটাও বনৰীয়া ম’হে মুক্ত বিচৰণ কৰি থাকে ৷ এই সম্পৰ্কে বন বিভাগক খবৰ দিলে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক:Kaliabor incident: কলিয়াবৰত বিদ্যুৎ স্পৃষ্ট হৈ বদৰুদ্দিনৰ মৃত্যু