thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:38 PM IST

ETV Bharat / Videos

Man Elephant attack: বন্যহস্তীৰ আক্ৰমণত বাইক আৰোহী আহত

গোলাঘাট, 1 নৱেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ এইবাৰ গোলাঘাট জিলাৰ মৰঙিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ’লমাৰীত বন্যহস্তীৰ ত্ৰাস । ৰাজপথত বন্যহস্তীয়ে খেদি খেদি আক্ৰমণ কৰিলে এজন বাইক আৰোহীক।

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বকিয়াল অঞ্চলৰ ৰাজাৰাম কেৰ্কেটা নামৰ লোকজন । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাসহ এজন লোকৰ ৷ লগে লগে স্থানীয় লোকে আহত লোকজনক সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । 

ইফালে স্থানীয় লোকে সদৰী কৰা অনুসৰি অঞ্চলটোত এতিয়াও হাতীৰ এটা মুক্তভাৱে বিচৰণ কৰি আছে ৷ এই বিষয়ে বন বিভাগক বাৰম্বাৰ অৱগত কৰি অহা হৈছে যদিও তেওঁলোকে কোনোধৰণৰ পদক্ষেপ হাতত লোৱা নাই ৷ এনেদৰে পৰিস্থিতি থাকিলে কোনো লোক ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হ’ব বুলি স্থানীয় লোকে সদৰী কৰিছে ৷

লগতে পঢ়ক:  Cement Factory at Sonapur : সোণাপুৰত চিমেণ্ট কোম্পানীৰ দৌৰাত্ম্য, স্থানীয় লোকক প্ৰাণে মৰাৰ ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.