বিজেপি নেতা লক্ষ্মীনাথ তাছাক আক্ৰমণৰ সৈতে জড়িত এজনক আটক

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 12:37 PM IST

thumbnail

ডিব্ৰুগড়, 10 জানুৱাৰী : বিজেপিৰ চৰাইদেউ জিলা সভাপতিক আক্ৰমণ কৰা ঘটনাৰে জড়িত এজনক আটক সোণাৰি আৰক্ষীৰ ৷ ঘটনাৰ মূল অভিযুক্ত সঞ্জয় শ্বাহৰ গাড়ী চালক বদৰুল হকক মঙলবাৰে সোণাৰি আৰক্ষীয়ে আটক কৰে ৷

উল্লেখ্য যে, শনিবাৰে নিশা সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত চৰাইদেউ জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে জিলা সভাপতি লক্ষ্মীনাথ তাছাক আক্ৰমণ কৰিছিল উদণ্ড যুৱকৰ দলে ৷ লগতে তাছাৰ ম’বাইল ফোনটো কাঢ়ি লৈ গৈছিল উদণ্ড যুৱকৰ দলটোৱে ৷ ইফালে ঘটনাৰ মূল অভিযুক্ত সঞ্জয় শ্বাহ বৰ্তমানেও পলাতক হৈ আছে ।

আনহাতে, বিজেপিৰ চৰাইদেউ জিলা সভাপতিক আক্ৰমণ ঘটনাই আজিও জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে । শাসকীয় দলৰ সভাপতিগৰাকীক জিলা বিজেপিৰ কাৰ্যালয়ৰ চৌহদতে আক্ৰমণ কৰা বিষয়টো চৰাইদেউ জিলাৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই ।

লগতে পঢ়ক : বিজেপি নেতা লক্ষ্মীনাথ তাছাৰ আক্ৰমণকাৰীৰ কাষ চাপিব পৰা নাই আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.