Tragic Road accident: বৰমাত পথ দুৰ্ঘটনা, থিতাতে মৃত্যু বাইক আৰোহীৰ - one death in Tragic Road accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2023/640-480-19696431-thumbnail-16x9-bong111.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 6, 2023, 2:08 PM IST
বাক্সা, ৬ অক্টোবৰ : বাক্সা জিলাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বিপৰীত দিশেৰে অহা এখন অচিনাকী বাহনৰ খুন্দাত নিহত হয় এজন যুৱক ৷ মৃত যুৱকজন বৰমা জুলুকী গাঁৱৰ নিবাসী ধনেশ্বৰ দাস বুলি জানিব পৰা গৈছে ৷
জুলুকীৰ পৰা অভয়াপুৰী ৰে’ল ষ্টেচনৰ কৰ্মস্থলীলৈ গৈ থকা মূহুৰ্তত বৰমাৰ চেইন্ট জনছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ AS14 06712 । মৃত লোকজন ৰে’লৱে বিভাগৰ কৰ্মচাৰী বুলি জানিবলৈ পৰা গৈছে। ঘটনাস্থলীত বৰমা আৰক্ষী দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Snatchers terror at Basistha : ঘোঁৰামাৰাত খেদি খেদি ৰাইজে কৰায়ত্ত কৰিলে চিলনী চোৰক