thumbnail

Road Mishap: বাঁহৰ দলং ভাঙি তললৈ পৰিল বাইক, এজনে সাৱটিলে অকাল মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:40 AM IST

আমগুৰি, ১২ অক্টোবৰ : শিৱসাগৰৰ আমগুৰিৰ নিকটৱৰ্তী চেলেংহাটত বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চেলেংহাট আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰী আৰু চেলেং বাবুলাইন সংযোগী এখন ভগ্নপ্ৰায় বাঁহৰ দলঙৰ তলত এখন বাইকত অহা দুই আৰোহী পৰি যোৱাত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এচেউ বাউৰী নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে সুৰেণ দাস নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। 

উল্লেখ্য যে, ইয়াৰ পাঁচ মাহৰ পূৰ্বে এখন পকী দলং ভাঙি যোৱাৰ পিচত টেঙাবাৰী আৰু চেলেং বাবুলাইন সংযোগী এখন বাঁহৰ দলং স্থানীয় ৰাইজে নিৰ্মাণ কৰিছিল । লোক নিৰ্মাণ বিভাগে দলং নিৰ্মাণ নকৰা বাবেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। ঘটনাৰ পিচতে স্থানীয় লোকৰ সহযোগত যুৱক দুজনক উদ্ধাৰ কৰি ১০৮ সেৱাৰ যোগেদি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: Chain snatchers: মহানগৰ আৰক্ষীৰ জালত দুই চিলনী চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.