New year celebration: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ
🎬 Watch Now: Feature Video
কেলেণ্ডাৰৰ পৰা এটা বছৰে মেলানি মাগিলে ৷ আজি পহিলা জানুৱাৰী (New year celebration) ৷ আজিৰ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৩ বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ নিজৰ লগতে নিজৰ পৰিয়াল কুটুম্বৰ মংগল কামনাৰে বিভিন্ন মঠ মন্দিৰ, সত্ৰ নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে (devotees throng Dhekiakhowa Bor Namghar) ৷ পূব যোৰহাটৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দেখা গ’ল ভক্তৰ ভিৰ (People gathering at Dhekiakhuwa Naamghar ) ৷ আজি পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহি নিজৰ, আত্মীয় তথা পৰিয়ালৰ বছৰটো কুশলে পাৰ কৰাৰ মানসেৰে এগছি বন্তি জ্বলাই তথা ধূপ নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত আঁঠু লৈছে ৷ ইপিনে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমাতিয়েও বিশ্বৰ সকলোৰে মংগল কামনাৰে অক্ষয় বন্তিত তেল দি শৰাই আগবঢ়াইছে ৷ ইয়াৰ লগতে দেশত যাতে মাৰি মৰক দুৰ্ভিক্ষ দূৰ হৈ সকলোৰে কুশলে থাকে তাৰে কামনা কৰিছে (Dhekiakhowa Bor Namghar in Teok) ৷ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আজি জানুৱাৰীৰ প্ৰথম দিনটোত ETV BHARAT ৰ এক বিশেষ প্ৰতিবেদন ৷
Last Updated : Feb 3, 2023, 8:38 PM IST