thumbnail

By

Published : Mar 9, 2023, 10:50 PM IST

ETV Bharat / Videos

HSLC exam 2023 : লাহৰীঘাট পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ ৯ গৰাকী নকল কৰা পৰীক্ষাৰ্থীক

ধিং, 90 মাৰ্চ : বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হ’ল 9 গৰাকী পৰীক্ষাৰ্থীক (Nine candidates expelled from Laharighat examination center) । পৰীক্ষা কেন্দ্ৰটোত এই 9 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অসৎ পন্থা অৱলম্বন কৰিছিল । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা পৰিদৰ্শকগৰাকীয়ে ৷

উল্লেখযোগ্য যে, উক্ত পৰীক্ষা কেন্দ্ৰটোত বিগত বছৰ মেট্ৰিক পৰীক্ষাত নকলৰ প্ৰভাৱ বেছিকৈ পৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাচতে এই বছৰতে শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতো লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলাই নিছিল ৷ কিন্তু বৃহস্পতিবাৰে পৰীক্ষাত গাৰ্ড তথা পৰিদৰ্শকে পৰীক্ষা কেন্দ্ৰটোত চলি থকা অৰাজকতাৰ কথা পোহৰলৈ আনে ৷

বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে পৰিদৰ্শকে শিক্ষকসকলৰ বাবে দিয়া কঠোৰ অনুশাসন তথা নীতি-নিয়ম নমনাৰো অভিযোগ উত্থাপন কৰে পৰিদৰ্শকগৰাকীয়ে ৷ উল্লেখ্য যে, আজি আছিল সমাজ বিজ্ঞানৰ পৰীক্ষা (HSLC exam 2023) ৷ সমাজ বিজ্ঞানৰ পৰীক্ষাত নকল কৰাৰ অপৰাধত বহিষ্কাৰ হোৱা 9 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 8 জনী ছোৱালী আৰু এজন ল’ৰা ৷

লগতে পঢ়ক : HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.