thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:31 PM IST

ETV Bharat / Videos

Chandrayaan-3: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি চন্দ্ৰযান-৩ অভিযানৰ অংশ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

তিনিচুকীয়া,২৩ আগষ্ট: আৰু মাথো কিছুসময়ৰ অপেক্ষা । কিছুসময়ৰ পাছতে চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে । অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান-৩ ত কৰ্মৰত এগৰাকী অসমৰ বোৱাৰী ৷ এই সমগ্ৰ অভিযানৰ সাক্ষী হৈ আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা ৷ নিধি শৰ্মাই ইয়াৰ পূৰ্বেও চন্দ্ৰযান-২ ত জড়িত হৈ আছিল তেওঁ ৷  

তিনিচুকীয়া ৰাজাআলীৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী আৰু দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মা ৷ ২০১৯ চনত নিধি শৰ্মাই আৰু দিবাকৰ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । 

ISRO ত বিগত দহ বছৰৰ ধৰি কৰ্মৰত হৈ আছে নিধি শৰ্মা ৷ নিধি শৰ্মা বৰ্তমান ৫ মাহৰ সন্তানসম্ভৱা যদিও দিনক ৰাতি কৰি অশেষ কষ্ট কৰি আছে দেশবাসীৰ বাবে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ISRO ত অশেষ কষ্ট কৰিছে নিধিয়ে ৷ নিধিক লৈ গৌৰৱান্বিত শহুৰ-শাহুৰ লগতে তিনিচুকীয়াবাসী । 

লগতে পঢ়ক: Digital India: উত্তৰ-পূৰ্বাঞ্চলৰ সাত সহস্ৰাধিক গাঁৱত নাই মোবাইল সেৱা সংযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.