অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাত নীলকমল সেনৰ স্বৰ্ণ জয় - Assam sports News
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-12-2023/640-480-20395292-thumbnail-16x9-spthr-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 31, 2023, 7:33 AM IST
সৰুপথাৰ, ৩১ ডিচেম্বৰ: অসম শক্তি উত্তোলন সংস্থাৰ সহযোগত ধেমাজি জিলাত অনুষ্ঠিত হয় ৫১ তম অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা । ধেমাজি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত সৰুপথাৰৰ নীলকমল সেনে ৮৩ কিলো শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । ধেমাজি জিলা শক্তি উত্তোলন সংস্থাৰ উদ্যোগত ২৬ ডিচেম্বৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা ।
গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি নীলকমল সেনৰ সাফল্যত গৌৰৱান্বিত সৰুপথাৰবাসী । স্বৰ্ণ জয় কৰা নীলকমল সেনক শনিবাৰে সন্ধিয়া Amrap the Gym ত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখযোগ্য যে নীলকলম সেনে মধ্যপ্ৰদেশত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে বুলি জানিবলৈ দিয়ে । লগতে ইয়াৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে স্বৰ্ণ পদক বিজয়ী ভাৰত্তোলকগৰাকীয়ে ।
লগতে পঢ়ক: আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে অসমৰ বিকাশ কৰাৰ সম্ভাৱনা আছে: মন্ত্ৰী ৰণজিৎ দাস