Press meet over patient death:ৰোগীৰ মৃত্যুক লৈ নগাঁৱৰ চিমছ হাস্পতাল কৰ্তৃপক্ষৰ সংবাদমেল - ৰোগীৰ মৃত্যুক লৈ নগাঁৱৰ চিমছ হাস্পতালত সংবাদমেল
🎬 Watch Now: Feature Video
Published : Sep 29, 2023, 9:43 PM IST
নগাঁও, 29 ছেপ্টেম্বৰ : দুৰ্ঘটনাত পতিত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱা নগাঁৱৰ চিমছ হাস্পতালত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ সন্ধিয়া এক সংবাদমেল সম্বোধন কৰে চিমছ কৰ্তৃপক্ষই । বুধবাৰে নগাঁৱৰ মাহৰুলৰ মাহমুদ আলী নামৰ এগৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ বৰঘাটস্থিত চিমছ হাস্পতালত । কিন্তু শুকুৰবাৰে পুৱাই মাহমুদ আলীৰ মৃত্যু হোৱাৰ পিচত পৰিয়ালৰ লোকে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰি সৃষ্টি কৰিছিল এক উত্তপ্ত পৰিস্থিতিৰ ।
এই সন্দৰ্ভত সকলো কথা শুকুৰবাৰে সন্ধিয়া সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰিলে চিমছ কৰ্তৃপক্ষই । মাহমুদ আলীক বুধবাৰে সন্ধিয়া অতি সংকটজনক অৱস্থাত চিমছ হাস্পতালত ভৰ্তি কৰোৱাৰ কথা উল্লেখ কৰি মগজুত অতিমাত্ৰা তেজ জমা হোৱাৰ ফলত ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি মন্তব্য কৰে চিকিৎসালয় কৰ্তৃপক্ষই । মাহমুদ আলীৰ চিকিৎসাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই কোনো ধৰণৰ গাফিলতি কৰা নাই বুলি স্পষ্ট মন্তব্য কৰি চিমছৰ বিৰুদ্ধে মিছা অভিযোগেৰে অপপ্ৰচাৰ চলোৱাৰহে অভিযোগ উত্থাপন কৰে ব্যক্তিগত খণ্ডৰ হাস্পতালখনৰ কৰ্তৃপক্ষই । মৃত্যু হোৱা মাহমুদ আলীৰ শৰীৰৰ অংগ কাটি ৰখা বুলি উত্থাপন হোৱা অভিযোগো সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক : Tense situation Chapanala: চাপানালাত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতি