Threat to a Hindu Family: লাহৰীঘাটত এটি হিন্দু পৰিয়ালক হত্যাৰ ভাবুকি একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ - মুছলমান সম্প্ৰদায়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17187018-thumbnail-3x2-mori.jpg)
মৰিগাঁৱৰ লাহৰীঘাটত (Morigaon Lahorighat) নিৰাপত্তাহীনতাত ভুগিছে এটি হিন্দু পৰিয়াল ৷ আজু ককাৰ দিনৰে পৰা বাস কৰি অহা গৃহটোতেই এতিয়া নিৰাপত্তা নোহোৱা হৈছে পৰিয়ালটোৰ ৷ ধিঙৰ আটি গাঁৱত থকা পৰিয়ালটোৰ চাৰিওকাষে বাস কৰে মুছলমান পৰিয়াল ৷ কিন্তু এই পৰিয়ালটোক একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে দি আহিছে হত্যাৰ ভাবুকি ৷ যাৰ বাবে নিশা হ’লেই ঘৰত সোমাব লগা হয় পৰিয়ালটো ৷ কেৱল সিমানেই নহয়, চুবুৰীয়া মুছলমান সম্প্ৰদায়ৰলোকে পৰিয়ালটোৰ ভূমি দখল কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ পূৰ্বে এবাৰ পৰিয়ালটোৰ গৃহত অগ্নি সংযোগ কৰিছিল দুৰ্বৃত্তই ৷ আৰক্ষীক অভিযোগ দিয়াৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য দুৰ্ভগীয়া পৰিয়ালটোৰ ৷ যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST