thumbnail

By

Published : Jul 29, 2023, 5:29 PM IST

ETV Bharat / Videos

Muharram 2023: লখিমপুৰত উলহ মালহেৰে মহৰম উদযাপন

লখিমপুৰ, 29 জুলাই: আজি মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশ্বজুৰি পালন কৰিছে মহৰম ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে লখিমপুৰতো উলহ মালহেৰে এই উৎসৱ উদযাপন কৰা হয় ৷ লখিমপুৰত মহৰম উপলক্ষে কেন্দ্ৰীয় ঈদগাহ ময়দানত তাজিয়া আয়োজন কৰা হয় ৷ উলহ মালহ পৰিৱেশত শ শ লোকৰ অংশগ্ৰহণ কৰে এই তাজিয়াত ৷  

মুছলমান সমাজৰ ছিয়াপন্থী লোকসকলে শনিবাৰে উদযাপন কৰে তেওঁলোকৰ অন্যতম উৎসৱ মহৰম ৷ মহৰম উৎসৱৰ অন্যতম কাৰ্য্যসূচী তাজিয়া খেল৷ নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা সমদল কৰি আহি নগৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত সমবেত হৈ তেওঁলোকে তাজিয়া খেল প্ৰদৰ্শন কৰে ৷ অতি উলহ মালহেৰে শ শ লোকে এই উৎসৱত অংশগ্ৰহণ কৰে ৷ 

জিলা প্ৰশাসনৰ লগতে, আৰক্ষী বিভাগও এই উৎসৱ শান্তিপূৰ্ণ সফল ৰূপায়ণৰ বাবে সহযোগ কৰে ৷ এই উৎসৱৰ জৰিয়তে হাচান হোচেনক স্মৰণ কৰাৰ লগতে তাজিয়াৰ অন্তত তেওঁলোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰে ৷

লগতে পঢ়ক: Farmers now busy in Paddy field : ডিব্ৰুগড়ত শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.