Marathon Race: গ্ৰাম্য পৰ্যটনৰ উন্নতিৰ লক্ষ্যৰে মাৰাথান দৌৰ - বিধায়ক মৃনাল শইকীয়া
🎬 Watch Now: Feature Video

দেশ প্ৰগতিৰ দিশলৈ যাবলৈ হ'লে গ্ৰাম্যোঞ্চলৰ বিভিন্ন দিশৰ উন্নতি সাধন হোৱাটো বাঞ্চনীয় ৷ ইতিমধ্যে এই দিশৰ প্ৰতি লক্ষ্য ৰাখি খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই (MLA Mrinal Saikia) প্ৰথম অৱস্থাৰ পৰাই বিশেষভাৱে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । এইবাৰ গ্ৰাম্য পৰ্যটনৰ উন্নতি সাধনৰ বাবে খুমটাইত বিধায়ক মৃনাল শইকীয়াই "অনাই-বনাই খুমটাই ফুল মাৰাথান 2022" শীৰ্ষক এৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে (Mrinal Saikia organizes marathon race )। দেওবাৰে পুৱাই খুমটাই যোগীবাৰীৰ পৰা 21 আৰু 42 কিলোমিটাৰ মাৰাথানৰ আয়োজন কৰা হয় । বয়স অনুযায়ী বিভক্ত কৰা এই মাৰাথানত দেশৰ বিভিন্ন প্ৰান্তৰ দৌৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । যোগীবাৰী বিলত পুৱাই প্ৰতিযোগীসকলৰ লগত বিধায়ক মৃনাল শইকীয়াইও ব্যায়াম আৰু দৌৰ অনুশীলন কৰে।
Last Updated : Feb 3, 2023, 8:32 PM IST