Primary Health Centre at Guwahati: মহানগৰীৰ ভৱানীপুৰত সাংসদ কুইন ওজাই মুকলি কৰিলে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 7, 2023, 12:45 PM IST

গুৱাহাটী, 7 মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ প্ৰদান কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই গুৱাহাটীবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৱাৰ্ডে ৱাৰ্ডে আৰম্ভ কৰা হৈছে একোটাকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম । এই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে গুৱাহাটী মহানগৰীৰ ৫৭ নং ৱাৰ্ড এলেকাৰ অন্তৰ্গত নুনমাটি ভৱানীপুৰত নতুনকৈ এটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ফিটা কাটি ভৱানীপুৰ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰটো আনুষ্ঠানিক বাবে ৰাইজৰ বাবে মুকলি কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই (Primary Health Centre in every ward) ।

সাংসদগৰাকীয়ে এই স্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ ৰাইজ যথেষ্ঠ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে । ইফালে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰাৰ পূৰ্বে বন্তি প্ৰজলন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । মুকলি অনুষ্ঠানত উপস্থিত থাকে চিকিৎসক ডাঃ ৰূপজ্যোতি দাস ,চুনচালি নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ ডাঃ অতুল কুমাৰ গগৈ, গুৱাহাটী ইষ্ট জোনৰ ইনচাৰ্চ ডাঃ ময়ুৰী শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৫৭ নং ৱাৰ্ডৰ পাৰিষদ কবিতা শৰ্মাৰ লগতে স্বাস্থ্য কৰ্মী, স্থানীয় কেইবাখনো উন্নয়ণ সমিতিৰ সভাপতি, সম্পাদকৰ লগতে স্থানীয় ৰাইজ (MP Queen Oja inaugurates Primary Health Centre )  ।

লগতে পঢ়ক : AAP Protest against price hike:  মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় ১৮ হাজাৰ লোক উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে পাৰিষদ কবিতা শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.