Arunodaya Cheques distribution : শোণিতপুৰত ২২ হাজাৰ হিতাধিকাৰীক অৰুণোদয় কাৰ্ড বিতৰণ - Arunodaya Card distribution in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:03 PM IST

তেজপুৰ, ১১ অক্টোবৰ : শোণিতপুৰ জিলাত বুধবাৰে জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ অৰুণোদয় ২.০ আঁচনিৰ কাৰ্ড প্ৰদান কৰা হয় । জিলাখনৰ মুঠ ২২ হাজাৰ পৰিয়ালক আজি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসে এই কাৰ্ড প্ৰদান কৰে । জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিত প্ৰায় প্রতিটো সমষ্টিৰ দুগৰাকীকৈ হিতাধিকাৰীক মঞ্চলৈ মাতি আনুষ্ঠানিকভাৱে কাৰ্ড প্ৰদান কৰা হয় ।  

এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সাংসদ পল্লবলোচন দাসে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিগৰাকী মহিলাক সৱল কৰিব পৰাকৈ এই আঁচনিৰ জৰিয়তে দ্বিতীয় পৰ্যায়ৰ এই কাৰ্ড ২৭ লাখ মহিলাক প্ৰদান কৰা হৈছে ।  

শোণিতপুৰ জিলাত যোৱাবাৰ ৭২ হাজাৰ মহিলাই আৰু এইবাৰ ২২ হাজাৰ মহিলাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । এই অনুষ্ঠানটোত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে ।

লগতে পঢ়ক:Jitendra Singh Slams HBS: জীতেন্দ্ৰ সিঙৰ দৃষ্টিত দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.