Manipur issue at Lok Sabha: লোকসভাত মণিপুৰৰ ঘটনাক লৈ সাংসদ গৌৰৱ গগৈৰ অনাস্থা প্ৰস্তাৱ

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, 26 জুলাই: মণিপুৰৰ ঘটনাক লৈ বিৰোধীৰ উমৈহতীয়া মঞ্চ INDIA ৰ হৈ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন কৰে অনাস্থা প্ৰস্তাৱ । লোকসভাৰ অধ্যক্ষই এই প্ৰস্তাৱৰ অনুমতি দিয়ে লগতে সকলো দলৰ সৈতে আলোচনা কৰি নিৰ্দিষ্ট সময়ত আলোচনা কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰাৰ কথা সদৰী কৰে ।  

পিচত এই সন্দৰ্ভত সাংবাদিকৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয় যে INDIA alliance লোকসভাত নিজৰ সংখ্যাৰ বিষয়ে অৱগত যদিও এইটো কেৱল সংখ্যাৰ কথা নহয় । এয়া মণিপুৰৰ ন্যায়ৰ যুঁজৰ কথা । মণিপুৰৰ ভাই-ভনীসকললৈ এটা বাৰ্তা যাব লাগে যে প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো মণিপুৰক পাহৰিছে, কিন্তু INDIA মিত্ৰতাই এই শোকৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিছে ৷  

তেওঁ কয়, ‘‘আমি তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজি আছো, সংসদৰ ভিতৰত । আমি প্ৰধানমন্ত্ৰী মোদীক ক’ব বিচাৰো যে সংসদলৈ আহি জাতিটোক সম্বোধন কৰক কাৰণ এই বিষয়টো এতিয়া কেৱল মণিপুৰত নহয়, আন ৰাজ্যতো বিয়পি পৰিছে ৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু দেশৰ অখণ্ডতাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে সংসদৰ ভিতৰৰ পৰা দেশক সম্বোধন কৰক ৷’’

লগতে পঢ়ক: No confidence motion in Lok Sabha: চৰকাৰৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত বিৰোধীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.