thumbnail

Media boycott decision by opposition: ’অসমত শাসক পক্ষৰ হৈ ওকালতি কৰা সাংবাদিক যথেষ্ট কম’, সাংসদ অজিত কুমাৰ ভূঞা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:24 AM IST

Updated : Nov 14, 2023, 9:55 AM IST

ৰঙিয়া, 14 নৱেম্বৰ: কেন্দ্ৰত বিৰোধী পক্ষই একাংশ সংবাদ মাধ্যম আৰু সাংবাদিকৰ অনুষ্ঠান বৰ্জন কৰাৰ পিছত অসমতো অনুৰূপ কথা আলোচনা হোৱা পৰিলক্ষিত হৈছে । এনে সময়তে ৰাজ‍্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই ৰঙিয়াত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয়, "অসমত শাসক পক্ষৰ হৈ ওকালতি কৰা সাংবাদিক যথেষ্ট কম । কিন্তু তাৰ মাজতেই কিছু এনে সাংবাদিক তথা সংবাদ গোষ্ঠী আছে যিয়ে অসমৰ মুখ‍্যমন্ত্ৰী তথা বিজেপিৰ অনানুষ্ঠানিক বক্তা হিচাপে কাম কৰি অহা পৰিলক্ষিত হৈছে ।" 

এইসকল সাংবাদিক তথা সংবাদ সংস্থাৰ কামেই হৈছে মুখ‍্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ প্ৰদান কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ‍্যসভাৰ সাংসদগৰাকীয়ে । কেন্দ্ৰৰ দৰে অসমতো বিৰোধীয়ে সংবাদ মাধ্যম বয়কট কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰ দি সাংসদগৰাকীয়ে কয়, "এই বিষয়ে চিন্তা চৰ্চা অব্যাহত ৰখা হৈছে । সময়ত সকলোৱে গম পাব ।"

লগতে পঢ়ক: Amshipora fake encounter case: সেনা কেপ্টেইন ভূপেন্দ্ৰ সিঙৰ আজীৱন কাৰাদণ্ডৰ শুনানি স্থগিত

Last Updated : Nov 14, 2023, 9:55 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.