ৰাজপথত চলন্ত অৱস্থাত জ্বলি উঠিল বিলাসী বাহন - বৈদ্যুতিক শ্বক চাৰ্কিটৰ ফলত অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Nov 20, 2023, 9:42 AM IST
যোৰহাট, 20 নৱেম্বৰ: মৰিয়নীৰ চেলেংহাটৰ ধোদৰ আলিত দাউদাউকৈ জ্বলি উঠিল মহিন্দ্ৰা XUV 500 নামৰ এখন বিলাসী বাহন । নকচাৰিৰ পৰা আমগুৰিৰ হালোৱাটিঙলৈ গৈ থকা অৱস্থাতে দাওদাওকৈ জলি উঠে বিলাসী বাহনখন । চেলেংহাটৰ বেলতল জাপিসজীয়া গাঁৱৰ নামঘৰৰ সন্মুখত জ্বলি উঠিল গাড়ীখন ।
হালোৱাটিঙৰ নিবাসী দিদুল মেছ নামৰ ব্যক্তিজনৰ গাড়ীখন আছিল বুলি জানিব পৰা গৈছে । বাহনখন দিদুল মেছেই নিজেই চলাই আহিছিল । চেলেংহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে । আমগুৰিৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত গাড়ীত লগা জুই নিৰ্বাপন কৰে যদিও গাড়ীখনৰ অধিকাংশ জ্বলি যায় ৷
বগা ৰঙৰ XUV 500 গাড়ীখনৰ পঞ্জীয়নকৃত নম্বৰ AS 01 BB 6030 ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড ঘটাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক: চৰকাৰৰ পইচা লৈ নিজকে ধনী কৰাটো আমাৰ পৰিয়ালৰ আদৰ্শ নহয়: গৌৰৱ গগৈ