Dergaon Tragic Incident: পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি মৃত্যুক সাৱটিলে মাতৃয়েও - ৰঞ্জিত বৰাৰ মৃত্যু
🎬 Watch Now: Feature Video
গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হ’ল এক শোকাৱহ ঘটনা (Dergaon Mother Son death)৷ পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি মৃত্যুক সাৱটিলে মাতৃয়েও ৷ উল্লেখ্য যে, ৰজাবাঁহৰ গাঁৱৰ ৰঞ্জিত বৰা (48) নামৰ লোকজনৰ সোমবাৰে স্বাস্থ্যৰ অৱনতি হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (Jorhat Medical College) লৈ যোৱা হৈছিল ৷ চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱতি নিশা ৰঞ্জিত বৰাৰ মৃত্যু হয় ৷ পুৱা 8 বজাত মৃত ৰঞ্জিত বৰাৰ মৃতদেহ যোৰহাটৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ বতৰা লাভ কৰে মাতৃয়ে ৷ পুত্ৰৰ মৃত্যুৰ বতৰাই ব্যথিত কৰি তোলে মাতৃক ৷ পুত্ৰৰ কিছু সময়ৰ পাছতে কান্দি কান্দি মৃত্যুক সাৱটি লয় মাতৃয়েও ৷ এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ শোকাকুল পৰিৱেশত এখন ঘৰতে জ্বলিল দুখনকৈ চিতা ৷
Last Updated : Feb 3, 2023, 8:36 PM IST