thumbnail

By

Published : Feb 25, 2023, 10:24 PM IST

ETV Bharat / Videos

Morphine Seized: ডিলাইত প্ৰায় ৮ কোটি টকাৰ মৰফিনসহ দুই সৰবৰাহকাৰী আটক

ডিফু, ২৫ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই আহিছে (Anti drugs mission at Dilai) ৷ কিন্তু ইয়াৰ মাজততে একাংশ অপৰাধীয়ে প্ৰতিদিনে ন ন কৌশল অৱলম্বন কৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs mission in Karbi Anglong) ৷ ইয়াৰ মাজতে শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিলাইত  প্ৰায় ৮ কোটি টকাৰ মৰফিনসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Morphine Seized is worth 8 crore) ৷  

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ ডিলাই গেটত চিআৰপিএফ চি২০ এফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিল (Assistant Commandant Ravi Gill) আৰু ডিলাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ (Dilai OC) নেতৃত্বত চিআৰপিএফ আৰু আৰক্ষীৰ দলে এক নাকা তালাচী চলাই ৷ এই তালাচী অভিযানত অভইযানকাৰী দলদ্বয়ে ডব্লিউবি ০২ বিই ৩৫০৩ পঞ্জীয়ন নম্বৰৰ মহেন্দ্ৰ এনএক্সটি কে ৮ বাহনখনৰ পৰা চাৰিটা পলিথিনৰ পেকেটত প্ৰায় ২ কেজি ১৩ গ্ৰাম ওজনৰ মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (morphine seized at dilai) ৷  

মৰফিনখিনি কৌশলগত ভাৱে চালকৰ আসনৰ দৰ্জাৰ ভিতৰত লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে ৷ এই ঘটনাৰ লগত জড়িত দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ সৰবৰাহকাৰী দুটা ক্ৰমে পশ্চিম বংগৰ ২৪ পৰাগানা জিলাৰ বনগাওঁ সিদ্ধুনিল বিশ্বাস (২৫) আৰু তুহিন দে’ (২৩)বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে (Two peddlers arrested) ৷ 

আৰক্ষীৰ প্ৰাথমিক জেৰাত সৰবৰাহকাৰী দুটাই মৰফিন খিনি ক’হিমাৰ পৰা আনি পশ্চিম বংগৰ শিলিগুৰিৰ এজন লোকক যোগান ধৰাৰ পৰিকল্পনা আছিল বুলি স্বীকাৰোক্তি প্ৰদান কৰে ৷ সম্প্ৰতি ড্ৰাগছখিনি কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ( অপৰাধ) নয়নমনি বৰ্মনৰ (Additional SP of Crime branch Nayanmani Barman)উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Teok Murder case: নিচাই হ’ল কাল, কটাৰীৰে নিৰ্মমভাৱে শিৰচ্ছেদ বন্ধুক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.