MLA Phani Bhusan Choudhury: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ফণীভূষণ চৌধুৰীৰ

By

Published : Jul 17, 2023, 10:06 AM IST

Updated : Jul 17, 2023, 10:50 AM IST

thumbnail

বঙাইগাঁও, 17 এপ্ৰিল: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত বঙাইগাঁও সমষ্টিৰ গাঁও কৰ্তনক লৈ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া ৷ বঙাইগাঁও সমষ্টিৰ ক্ষেত্ৰত কেইবাখনো গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন কৰিবলগীয়া আছে বুলি উল্লেখ কৰে বিধায়কজনে ৷ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই বঙাইগাঁও সমষ্টিৰ 10 খনকৈ গাঁও পঞ্চায়তৰ ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ  ৷ এই ক্ষেত্ৰত 20 জুলাইত নিৰ্বাচন আয়োগক ৰাইজে ওজৰ-আপত্তি জনাব বুলি সদৰী কৰে বিধায়কজনে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বঙাইগাঁও সমষ্টিবাসীৰ সৈতে আলোচনা কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ বিধায়ক চৌধুৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক আদৰণি জনাইছো বুলিও সাবাদিকৰ আগত মন্তব্য কৰে ৷ যিহেতু অসম গণ পৰিষদ দলে এই খচৰাক আদৰণি জনাইছে, সেয়ে দলৰ এজন সৈনিক হিচাবে মইও এই খচৰাক আদৰণি জনাইছো বুলি মন্তব্য কৰে নেতাজনে ৷ 

লগতে পঢ়ক: MLA Bhubon Pegu: অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে আজমলে; বিধায়ক ভূৱন পেগু

Last Updated : Jul 17, 2023, 10:50 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.