thumbnail

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:15 PM IST

ETV Bharat / Videos

ULFA I killed cadre : অসমৰ ৰাজনীতিত নেতৃত্ব ল’বলৈ আলফা নেতৃত্বক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

ডিব্ৰুগড়, 31 অক্টোবৰ : আলফা স্বাধীনৰ শিবিৰত ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে । শেহতীয়াকৈ বিভিন্ন কাৰণত আলফা স্বাধীনৰ শিবিৰত কেইবাজনকো দিয়া হৈছে মৃত্যুদণ্ড । ইয়াৰ পাচতো আলফা (স্বা) লৈ উজনিৰ বহু যুৱক ধাৱমান হৈছে । আলফা (স্বা)ত যুৱকৰ যোগদানৰ সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈয়ে এনেদৰে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

তেওঁ কয়, ‘‘আলফাৰ স্বাধীনৰ প্ৰক্ৰিয়াটো যিহেতু অ-গণতন্ত্ৰিক । অ-গণতান্ত্ৰিক পথলৈ গৈ যুৱক- যুৱতীসকলে বন্দুকৰ গুলীৰ মুখামুখি হোৱাটো নিবিচাৰো । আমি কেতিয়াও নিবিচাৰো যে এটা সংগঠনলৈ গৈ আমাৰ ল'ৰাবিলাকৰ মাজতে গুলীয়াগুলী লাগি মৰক’’ ।

কাম নকৰাকৈ বন্দুক লৈ ঘুৰি ফুৰিলে দেশৰ উন্নতি নহয়, অসমৰ ৰাজনীতিত নেতৃত্ব ল'বলৈ আলফাৰ নেতৃত্বক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ ।

লগতে পঢ়ক : Tezpur Eviction drive : তেজপুৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.