MLA Ashraful Hussain Accused of Kidnap: অপৰাধ কৰিছে যদি আইনে ব্যৱস্থা লোৱাৰ আহ্বান বিধায়ক আশ্ৰাফুলৰ - MLA Ashraful Hussain statement

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 8, 2023, 3:48 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

বৰপেটা, ৮ ফেব্ৰুৱাৰী : অপহৰণকাণ্ডৰ সৈতে সাঙোৰ খাই পৰা বিধায়ক আশ্ৰাফুল হুছেইনে (MLA Ashraful Hussain) প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে যদিহে তেওঁ অপৰাধ কৰিছে, আইনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ আনহাতে অপহৰণৰ ঘটনাটোৰ মূল অভিযুক্তই বিধায়কগৰাকীৰ আৱাসগৃহত এনিশা কটোৱাৰ কথাও স্বীকাৰ কৰিছে  ৷

যোৱা 19 জোলাইত ৰিতুল হুছেইন  নামৰ এজন যুৱকে এগৰাকী ছাত্ৰীক অপহৰণ কৰা ঘটনাৰ পাছত শেহতীয়াকৈ বিষয়টোত সাঙোৰ খাই পৰিছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ নাম ৷ অপহৰণকাৰীক আশ্ৰয় প্ৰদানৰ লগতে সহায়-সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে (Kidnap allegation against MLA Ashraful Hussain) ৷

বৰপেটাৰ মেটুৱাকুছিৰ পৰা অপহৃত হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত দিয়া এজাহাৰত বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে ৷ অভিযোগ অনুসৰি অপহৃত ছাত্ৰীগৰাকীক অপহৰণকাৰী ৰিতুল হুছেইনে দিছপুৰৰ বিধায়ক আৱাসত নিশা ৰাখিছিল (Barpeta teen girl kidnap) ৷ তাৰ পাছত বিধায়কগৰাকীৰ সহযোগত ৰে’লযোগে আন ঠাইলৈ পলুৱাই পঠোৱা বুলিও অভিযোগ উত্থাপিত হৈছে ৷

ইপিনে অভিযোগ উত্থাপিত হোৱাৰ পাছতে চেঙাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে তেওঁৰ বিধায়ক আৱাসত যুৱতীগৰাকীয়ে নিশা কটোৱাটো সত্য বুলি স্বীকাৰ কৰিছে ৷ বিধায়কগৰাকীৰ এজন শুভাকাংক্ষী হিচাবে তেওঁৰ বিধায়ক আৱাসত ছাত্ৰীগৰাকী আৰু অপহৰণকাৰী যুৱকজনে নিশা কটোৱা বুলি স্বীকাৰ কৰিছে AIUDF বিধায়কগৰাকীয়ে ৷ বিপৰীতে অপহৰণৰ ঘটনাৰ লগতে কোনো প্ৰকাৰেই তেওঁ জড়িত নহয় বুলি দাবী কৰিছে ৷

আনহাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ভুৱা অভিযোগ আখ্যা দিছে বিধায়কগৰাকীয়ে ৷ এই ভুৱা অভিযোগসমূহ কম দিনৰ ভিতৰতে আৰক্ষীয়ে স্পষ্ট কৰিব বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে স্বচ্ছতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব বুলিও আশাবাদী বিধায়কগৰাকী ৷

ইফালে তেওঁৰ মানহানি কৰা অৰ্থাৎ সন্মান আৰু পদমৰ্যাদা লাঘৱ কৰাৰ বিৰুদ্ধে অচিৰেই আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে বিধায়ক আশ্ৰাফুল হুছেইনে ৷ অৱশ্যে এই ঘটনাৰ সৈতে তেওঁ জড়িত থকাৰ কোনো তথ্য পালে আইনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিধায়কগৰাকীয়ে (MLA Ashraful Hussain statement)৷

লগতে পঢ়ক: Ashraful Hussain accused of kidnap: বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে অপহৰণৰ গুৰুতৰ অভিযোগ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.