Rahul Gandhi disqualified from MP: ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ - ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 24, 2023, 9:43 PM IST

গুৱাহাটী, 24 মাৰ্চ: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ অসমৰ বিৰোধী দলসমূহ প্ৰতিবাদ মুখৰ হৈ পৰিছে । এই কাৰ্যৰ বাবে অসমৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলে বিজেপি দলক ধিক্কাৰ দিছে (Rahul Gandhi disqualified from parliament) ।  

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi) ৷ এই সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘‘এটা মানহানিৰ গোচৰকলৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাটো সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰীকেন্দ্ৰিক । ৰাইজৰ দলে ইয়াৰ সমৰ্থন নকৰে । ৰাহুল গান্ধীৰ বিৰুদ্ধে এয়া মানহানীৰ গোচৰহে, এয়া কোনো অপৰাধমূলক তথা দুৰ্নীতিৰ গোচৰ নহয় । এটা মানহানিৰ গোচৰত সাংসদ এগৰাকীৰ সাংসদ‌ পদ কৰ্তন‌ কৰাটো দেশৰ ইতিহাসত অভূতপূৰ্ব ।’’

বিজেপিয়ে দেশৰ গণতন্ত্ৰ হত্যা কৰা বুলিও অভিযোগ অখিল গগৈৰ ৷ বিজেপিয়ে সাম্প্ৰদায়িক ফেচিবাদী নীতেৰে দেশ চলাই থকা বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷ বিজেপিৰ বিৰুদ্ধে যোৱা ব্যক্তিৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰ ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰে অখিল গগৈয়ে (Rahul Gandhi news) ৷ 

লগতে পঢ়ক: Rahul Gandhi disqualified from parliament: বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.