Locals attack Police: অসামৰিক পোচাকত অহা আৰক্ষীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ - আৰক্ষীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ
🎬 Watch Now: Feature Video


Published : Nov 5, 2023, 1:52 PM IST
ৰঙিয়া, 6 নৱেম্বৰ : ৰঙিয়াৰ কমলপুৰত নিশা তীব্ৰ উত্তেজনাৰ ঘটনা সংঘটিত হৈছে । অসামৰিক পোচাকত অহা আৰক্ষীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত আৰক্ষীৰ দলটোৰ কনিষ্টবল আহত হৈছে বুলি জানিব পৰা গৈছে । আনকি ৰঙিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল বৰুৱাক গতিয়ালে একাংশ লোকে । ইমানৰ পিচতো আৰক্ষী বিষয়াগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাৰ অ’চি বুলি পৰিচয় দিয়াৰ পিচতো আক্ৰমণ কৰিবলৈ এৰি নিদিয়ে লোকসকলে ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ সুৰা বিপনীত সঘনাই সংঘটিত হোৱা চুৰিকাৰ্য সন্দৰ্ভত ৰঙিয়া আৰক্ষীযে বোৰকাত এক অভিযান চলাই এজন ব্যক্তিক আটক কৰি উভতি আহিছিল ৷ উভতনি যাত্ৰাতে কমলপুৰ খনৰ অন্তৰ্গত বৰুবাজনীত কিছু উদণ্ড লোকে আৰক্ষীৰ গাড়ীখন আগচি ধৰি শিল আৰু লাঠিৰে মৰিয়াই মৰিয়াই গাড়ীৰ গ্লাছসমূহ সম্পূর্ণৰূপে ভাঙি পেলায় ।
এই ঘটনাৰ পিচতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত কামৰূপৰ কমলপুৰত বাইহাটা থানাকে ধৰি কেইবাখনো থানাৰ আৰক্ষী মোতায়ন কৰা হয় ৷
লগতে পঢ়ক: DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং