VDP Office Fired Chabua : চাবুৱাত দুস্কৃতিকাৰীয়ে জ্বলালে গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:33 PM IST

thumbnail

ডিব্ৰুগড়, 10 অক্টোবৰ: ডিব্ৰুগড়ৰ চাবুৱাত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । ড্ৰাগছ সৰবৰাহৰ পৰা আৰম্ভ কৰি ডকাইতি ঘটনাকে ধৰি বিভিন্ন ঘটনাই চাবুৱাৰ ৰাইজক চিন্তিত কৰি ৰখা সময়ত দুস্কৃতিকাৰীয়ে জ্বলাই দিলে গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী জেৰাই গাঁৱৰ পথৰ সমীপত থকা কাৰ্যালয়ৰ গৃহটো বৃহস্পতিবাৰে মাজনিশা কোনো দুস্কৃতিকাৰীয়ে জ্বলাই দিয়ে বুলি প্ৰকাশ কৰিছে গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলে । উক্ত অগ্নিকাণ্ডত ঘৰটোত থকা সকলো নথি-পত্ৰৰ লগতে কিছু সামগ্ৰী ভস্মীভূত হয় । ইফালে বিগত সময়ত চাবুৱাৰ গাঁওৰক্ষী বাহিনীয়ে মাৰাত্মক নিচাযুক্ত দ্ৰব্য আৰু সমাজবিৰোধী কাৰ্যৰ বিৰুদ্ধে সৱল স্থিতি গ্ৰহণ কৰি অহা বাবেই দুষ্টচক্ৰ শংকিত হৈ গৃহটো জ্বলাই দিয়া বুলি অনুমান কৰিছে সকলোৱে । এই ঘটনাই চাবুৱাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে চাবুৱা গাঁওৰক্ষী বাহিনীয়ে ।

লগতে পঢ়ক: Theft incident at Kalgachia : কলগাছিয়াত VIP ছাগলী চোৰ আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.