Minor house helper tortured: পুনৰ বনকৰা কিশোৰক নিৰ্যাতন গৃহস্থৰ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:31 PM IST

thumbnail

নগাঁও, 7 ছেপ্টেম্বৰ : নগাঁও জিলাৰ ননৈৰ বিৰহীগাঁৱত বৃহস্পতিবাৰে শিশু নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । নিজ গৃহত বনকৰা কিশোৰক নিৰ্যাতন গৃহস্থৰ । বিৰহীগাঁৱৰ মৃণাল শৰ্মাৰ নামৰ লোকজনৰ বাসগৃহত বনকৰা হিচাপে আছিল এটি কিশোৰ ৷ কিশোৰটোক প্ৰতিদিনে মৃণাল শৰ্মাই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ খেতি পথাৰত গৰুৱে ধান খোৱাৰ অপৰাধত গৃহস্থ মৃণাল শৰ্মাই বনকৰা কিশোৰটোক শাৰীৰিকভাৱে শাস্তি দিয়ে । 

ইয়াৰ পিচতে মৃণাল শর্মাৰ শাস্তি সহিব নোৱাৰি কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে কিশোৰটোৱে ৷ স্থানীয় ৰাইজে কিশোৰটিক উদ্ধাৰ কৰি ননৈ আৰক্ষীক খবৰ দিয়াৰ পিচত আৰক্ষীয়ে চিকিৎসা কৰোৱাই কিশোৰটিক ৷ কিশোৰটিৰ অভিযোগৰ ভিত্তিত ননৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে শিশু নিৰ্যাতনকাৰী মৃণাল শৰ্মাক । ইতিমধ্যে আৰক্ষীয়ে আহত কিশোৰটোক চিকিৎসা কৰি কাৰ্বি আংলঙৰ স্ব-গৃহলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Polygamy in Goalpara: দ্বিতীয় বিবাহে মাতিলে কাল, পুত্ৰক আক্ৰমণ কৰিবলৈ চেষ্টা পিতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.