thumbnail

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:15 PM IST

ETV Bharat / Videos

ধেমাজিৰ মাছখোৱাত শিশুগৃহ মুকলি কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে

ধেমাজি, 17 জুলাই : ধেমাজিৰ মাছখোৱাস্থিত স্বেচ্ছাসেৱী সংস্থা সৰ্বোগ্ৰাম সেৱা সংঘত অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া শিশুৰাম পেগুৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা এনাজৰী শিশুগৃহ আজি উদ্বোধন কৰা হয় ৷ গায়ন-বায়ন আৰু আয়তীৰ উৰুলি ধ্বনিৰ মাজৰে এক আড়ম্বপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে শিশুগৃহটো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

শিক্ষামন্ত্ৰী ডাঃ পেগুৰ সৈতে অনুষ্ঠানটোত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু মাছখোৱা জিলা পৰিষদৰ কেবাগৰাকীও বিষয়ববীয়া ৷ অনুষ্ঠানটোত উপস্থিত থাকি সংঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শিশুসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে দীৰ্ঘদিন উক্ত সংঘৰ গৃহতে শিশু সুৰক্ষা আঁচনিৰ অধীনত অনাথ শিশুসকলকো ৰখা হৈছিল৷ কিন্তু এতিয়াৰে পৰা ল’ৰা-ছোৱালীসকলে সম্পূৰ্ণৰূপে পৃথক ভৱনত থকা সুবিধা লাভ কৰিব৷ আনহাতে মন্ত্ৰীগৰাকীৰ এই পদক্ষেপৰ শলাগ জনাইছে সৰ্বোগ্ৰাম সেৱা সংঘৰ পৰিচালনা সমিতিৰ সচিব ইন্দ্ৰেশ্বৰ কোচে ৷

উল্লেখ্য যে, উক্ত শিশুগৃহত জিলাখনৰ ১৩ গৰাকী ছোৱালী আৰু দহগৰাকী ল’ৰাই আশ্ৰয় গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক : Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.