মায়ঙত বিকশিত ভাৰত সংকল্প যাত্ৰাত মন্ত্ৰী পীযূষ হাজৰীকা - মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-12-2023/640-480-20258164-thumbnail-16x9-final-mori-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 13, 2023, 5:26 PM IST
মৰিগাঁও, ১৩ ডিচেম্বৰ : বুধবাৰে মৰিগাঁও ঘগুৱাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী মন্ত্ৰী পীযূষ হাজৰীকাই অংশগ্ৰহণ কৰি কয় যে চৰকাৰৰ যিসমূহ জনমুখী আঁচনি আছিল তাৰ লাভ জনসাধাৰণে পাইছে নে নাই সেইবিষয়ে বুজ ল'বলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয়,"এয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনৱ আৰু অন্যন্য প্ৰশংসনীয় পদক্ষেপ । নৰেন্দ্ৰ মোদী চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নমুখী কাৰ্যসূচী ৰাইজৰ মাজত নিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।"
তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিসমূহ জনমুখী আঁচনি যেনে আয়ুস্মান, কিষাণ নিধি আদিৰ অন্তৰ্ভুক্ত নোহোৱা ৰাইজক অন্তৰ্ভুক্ত কৰাকে ধৰি আঁচনি সমূহৰ আওতালৈ অনা এই কাৰ্যসূচীত উপস্থিত থাকি অত্যন্ত সুখী হোৱা বুলি কয় । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মায়ং উন্নয়ন খণ্ডৰ ভিতৰুৱা ঘগুৱা ৰাস মন্দিৰৰ প্ৰাংগণত বুধবাৰে অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ কাৰ্যসূচী । এই কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত আয়ুক্ত দ্যোতিভা বৰা, জিলা উন্নয়ন আয়ুক্ত দেৱযানী বৰাৰ উপৰিও খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া আদি ।
লগতে পঢ়ক:আঙুৰলতাক অপসাৰণ; ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত স্বপ্নময় নিযুক্তি স্বপ্না বণিয়াক