হঠাৎ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি পীযুষ হাজৰীকা - যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-12-2023/640-480-20313952-thumbnail-16x9-pijushnews.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 20, 2023, 4:44 PM IST
|Updated : Dec 20, 2023, 5:15 PM IST
যোৰহাট, ২০ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক আজি দিনৰ ভাগত ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বিয়লিৰ পৰাৰ নিশা পৰ্যন্ত তিতাবৰত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পিচতে প্ৰচণ্ড শীতৰ মাজতো নিশা দলীয় সভাত অংশগ্ৰহণ কৰাৰ ফলত হঠাৎ অসুস্থ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা । নিশা অসুস্থ অনুভৱ কৰাত মন্ত্ৰীগৰাকীক আজি দিনৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।
চিকিৎসাখনৰ বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত থকা এটা দলে তেওঁৰ পৰীক্ষা-নিৰীক্ষা কৰে । বৰ্তমান মন্ত্ৰীগৰাকী সুস্থ যদিও তেওঁক কিছু জিৰণিৰ প্ৰয়োজন বুলি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই উল্লেখ কৰে। মন্ত্ৰীগৰাকীৰ কন্ঠনলীৰ অসুবিধাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদিও বৰ্তমান চিকিৎসকে ঔষধ আৰু জিৰণিৰ পৰামৰ্শ আগবঢ়াইছে । চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় ।
লগতে পঢ়ক:ইটিভি ভাৰত অসমৰ সৈতে অভিনেতা ভাস্কৰ ৰঞ্জনৰ আছুতীয়া সাক্ষাৎকাৰ